চকুৰে নেদেখা ডাৱৰৰ সিপাৰে

চকুৰে নেদেখা ডাৱৰৰ সিপাৰে
হে আকাশ হে ডাৱৰ, এদিন লগ পাম তোমাক আৰু আকোৱালি লম চিৰদিনৰ কাৰণে।

Tuesday, 26 June 2012

তোমাক পাহৰিবলে পাহৰি গলো


যদি অকস্মাৎ,
যদি অকস্মাৎ ক’ৰবাত লগ পাই যোৱা,
ব্যস্ততাৰ কলনিত নতুবা হুমুনিয়াৰ আবেলিত
শুধিবা নেকি কেনে আছা তুমি
নষ্টালজিৰ বুকুচাত উঠি আকৌ উভতি যোৱানেকি
দুয়ো ভিজা আবতৰিয়া বৰষুনজাক বিচাৰি।

জানা, মোৰ কিন্তু তোমাক ক’ব লগিয়া একো নাই
অথবা সুধিবলগিয়াও
তুমি হয়তো ক’বা....
ইমান দিন আমি লগ পোৱা নাই
তথাপিও?
মই হয়তো মিচিকিয়াম
হয়তো কম,
কোনে ক’লে তোমাক আমাৰ বহুত দিন দেখা হোৱা নাই
কেনেকৈ ভাবিলা
একোৱেই খবৰ মই ৰখা নাই,
প্রতেক বোৱাৰী পুৱাই
শেতেলীৰ ব্যথাক সমাধিস্থ কৰি
কুন্তলৰ পৰা সৰি পৰে যেন জলপৰি
সদ্যস্নাতা তুমি,
মন যায়
আবেলিৰ বেলিৰ সমস্ত আবিৰ
চোৰ কৰিম এদিন
আৰু সানি দিম তোমাৰ শিৰত
সলাই দিম তোমাৰ ভাগ্য লিপি।

কিন্তু তুমি নুবুজা
আৰু নুবুজাৰ বাবেইটো
সিদিনা অনাকাংক্ষিত ভাবে
আহিছিল সেই বতৰা
তুমি হেৰাই গৈছিলা সুখৰ সন্ধানত,
জন্ম দিছিলা এটা ৰহস্যময় কেকুৰিৰ
যত ৰৈ মই আজিও মোক বিচাৰো
নাই পাহৰা তোমাক
কাহানিও নাপাহৰো।
সুধিবানেকি তোমাৰ শেষ প্রশ্ন
কিদৰে মই জিয়াই থাকিলো?
অনুভৱৰ দুৱাৰত টুকুৰিয়াই কওঁ
তোমাক পাহৰিবলে
মই কাহানিবাই পাহৰি গলো।

No comments:

Post a Comment