চকুৰে নেদেখা ডাৱৰৰ সিপাৰে

চকুৰে নেদেখা ডাৱৰৰ সিপাৰে
হে আকাশ হে ডাৱৰ, এদিন লগ পাম তোমাক আৰু আকোৱালি লম চিৰদিনৰ কাৰণে।

Tuesday, 26 June 2012

তোমাক পাহৰিবলে পাহৰি গলো


যদি অকস্মাৎ,
যদি অকস্মাৎ ক’ৰবাত লগ পাই যোৱা,
ব্যস্ততাৰ কলনিত নতুবা হুমুনিয়াৰ আবেলিত
শুধিবা নেকি কেনে আছা তুমি
নষ্টালজিৰ বুকুচাত উঠি আকৌ উভতি যোৱানেকি
দুয়ো ভিজা আবতৰিয়া বৰষুনজাক বিচাৰি।

জানা, মোৰ কিন্তু তোমাক ক’ব লগিয়া একো নাই
অথবা সুধিবলগিয়াও
তুমি হয়তো ক’বা....
ইমান দিন আমি লগ পোৱা নাই
তথাপিও?
মই হয়তো মিচিকিয়াম
হয়তো কম,
কোনে ক’লে তোমাক আমাৰ বহুত দিন দেখা হোৱা নাই
কেনেকৈ ভাবিলা
একোৱেই খবৰ মই ৰখা নাই,
প্রতেক বোৱাৰী পুৱাই
শেতেলীৰ ব্যথাক সমাধিস্থ কৰি
কুন্তলৰ পৰা সৰি পৰে যেন জলপৰি
সদ্যস্নাতা তুমি,
মন যায়
আবেলিৰ বেলিৰ সমস্ত আবিৰ
চোৰ কৰিম এদিন
আৰু সানি দিম তোমাৰ শিৰত
সলাই দিম তোমাৰ ভাগ্য লিপি।

কিন্তু তুমি নুবুজা
আৰু নুবুজাৰ বাবেইটো
সিদিনা অনাকাংক্ষিত ভাবে
আহিছিল সেই বতৰা
তুমি হেৰাই গৈছিলা সুখৰ সন্ধানত,
জন্ম দিছিলা এটা ৰহস্যময় কেকুৰিৰ
যত ৰৈ মই আজিও মোক বিচাৰো
নাই পাহৰা তোমাক
কাহানিও নাপাহৰো।
সুধিবানেকি তোমাৰ শেষ প্রশ্ন
কিদৰে মই জিয়াই থাকিলো?
অনুভৱৰ দুৱাৰত টুকুৰিয়াই কওঁ
তোমাক পাহৰিবলে
মই কাহানিবাই পাহৰি গলো।

Monday, 25 June 2012

সেউজীয়া বুকু

মোৰ হিয়াত এগছি চাকি
জ্বলালা আহি
গুপনে গুপনে....
মলয়াই দিয়ে
বতৰা প্রেমৰ
মোৰ কানে কানে...
বাট হেৰুৱা পখিটিয়ে
উৰা মাৰে সাহে
তাৰ পোহৰে পোহৰে
মোৰ হিয়াত এগছি চাকি
জ্বলালা আহি
গুপনে গুপনে....।।

পদুলিৰ দুৱৰিয়ে হাঁহে
তুমি অহাৰ বাতৰি পালে
বকুল জুপিয়েও দলিছা পাৰে
প্রভাততে তোমাক আদৰিবলে
ওৰে ৰাতি দিয়াহি ধৰা
মোৰ দুচকুতে
সপোনে সপোনে....
মোৰ হিয়াত এগছি চাকি
জ্বলালা আহি
গুপনে গুপনে....।।

দুৰৰ তৰাবোৰে আজি
জোনৰ লগত
কি জানো খেলা পাতে
মাদল বাজে
মোৰ বুকুতে
তোমাৰ দুভৰিৰ শবদতে
কলিজাত ফুলা এটি ৰাগে
নিৰবতাৰ সুৰ তুলে
দুটি কম্পিত দেহতে....
মোৰ হিয়াত এগছি চাকি
জ্বলালা আহি
গুপনে গুপনে....
মলয়াই দিয়ে
বতৰা প্রেমৰ
মোৰ কানে কানে...
বাট হেৰুৱা পখিটিয়ে
উৰা মাৰে সাহে
তাৰ পোহৰে পোহৰে ।।

Thursday, 21 June 2012

প্রথম প্রেয়সী:

দুবৰি
মোৰ
প্রথম প্রেম,

নিয়ৰ
কিয় বাৰে বাৰে
প্রেয়সিৰ
চকুলো বিচাৰা,

শেৱালী
শুভ্র ৰুমাল
মচিবা বান্ধবীৰ
চকুপানী,

জোনাক
অলপ সপোন
আৰু অলপ
লোকাভাকু,

সুৰুজ
পিন্ধোৱা
মনি মুকুতা
ভৰি পৰক
দুবৰি দলিচা।

কাৰন,

দুবৰি
মোৰ
প্রথম প্রেম।।

Tuesday, 19 June 2012

(১)
প্রেমত আওপুৰণি মই
আৰু আওপুৰণি মোৰ
কলিজা;

কামিজত ক'লা জামুৰ দাগ
আৰু বুকুত ?
আৰু
বুকুত তোমাৰ বেদনা।।

(২)
তুমি ৰোৱা গোলাপজোপা
এতিয়াও ফুলে মোৰ বুকুত,
লাগে যদি ক'বা
হেপাহেৰে বান্ধিম তাৰ ডালত
অলপ স্মৃতি আৰু অলপ ভালপোৱা,
শিপালেই পঠিয়াম তোমালে
এটা সপোন, বহু পুৰনি........।।

Sunday, 10 June 2012

ধুলিৰে ধুসৰিঁত জীৱনৰ বাট
মলিন কামিজত বেদনাৰ দাগ
চিনাকিজনো হয় অচিনাকি
ৰঙীন সপোনে খায় উজুটি
আন্ধাৰ পোহৰৰ ভতিয়নি সোঁতত
নিমিলা অঙ্ক এই জীৱন নাটৰ।।
ডুমুনীৰ দুখ:

তাইৰ মৰহি যোৱা উদঙ বক্ষ
জিলিকি উঠা বালিচৰ
অকাল বাধ্যর্ক দেখি
এতিয়া ডুমুনীৰ দুখ।

বর্ষাঘন ৰাতিবোৰ
ডুমুনীৰ সপোন
পালেং শাকৰ জুতি
খোলাত ভাঙন
কলিয়াৰ গাত অকতা সুবাস
নৈখনৰ শুকান বক্ষযুগল
পীন্নোনতমুখি।

এলান্ধুৰ কৰাল
জাকৈ খালৈ
পলহত শুকান মেতেকাৰ চুলি
এতিয়া আৰু নাহে ওফন্দি
বান্ধত পৰিল
চঞ্চল সোৱনশিৰি।

এতিয়া ডুমুনীৰ দুখ
দোকমোকালিত গাত হেচুকি
নাযায় কলিয়া
মাছলৈ বুলি।
উত্তৰবিহীন এটা প্রশ্ন:

ব্যতিব্যস্ত প্রতিপল
কাঁইট হৈ বিন্ধে
উত্তৰবিহীন এটা প্রশ্নই,
মান‌ৱতাগৰ্বিত  দুভৰী
এতিয়া যেন
ওভতনি যাত্রা আদিম বাটত।
উখহি উঠা দুচকু
পাৰ ভাগিব পাৰে,
প্রলয় নামিব পাৰে সভ্যতাৰ নগৰীত
বিস্ফোৰিত ক্ষোভৰ অগনিত।

দেউতাৰ চিতাৰ জুইত
যেতিয়া
ছাঁই
হয় নির্ভীক সাহসিকতা
স্তব্ধ হৈ যায় চকুলো,
হৃদয়হীন পাষাণৰ কিৰিলিত
নিশেষ হয় কণমানি সপোন।

কি বুলি ক’বা তুমি বন্ধুৰ আগত,
চিৰ সেউজ মোৰ মাতৃভূমি
নে ঘৃণাৰে আঙুলিয়াই চিঞঁৰি উঠিবা
হয় সেইয়াই তুমি কোৱা আদিম নগৰী।
বন্ধবোৰ কেবল গৰীবৰ বিৰুদ্ধে আন একো নহয়:
____________________________________

এটা দুটা তিনিটা চাৰিটা
হিচাপ কৰি কৰি শেষ হৈ যায়
আঙুলিৰ গাঁঠি
কিন্তু শেষ নহয়
দুখীয়াৰ দুখ
আৰু শেষ নহয় বিজতৰীয়া
বন্ধ সংস্কৃতি,

হে মহান নেতাসকল
কেতিয়া বুজিবা
বন্ধ মানে অনাহাৰ
বন্ধ মানে পেটত গামোচা
আৰু কাৰোবাৰ বাবে
মাথো মতলবী আখৰা,

তোমালোকে খুলি দিয়া চকাবোৰত
পাম মাৰোতে মাৰোতে
এতিয়া মোৰো হাত দুখন টান হৈ পৰিছে
ছিঙিব পৰাকে বন্দীত্বৰ শিকলি,
ফটা চেণ্ডেলত মঁৰাপাতৰ ফিটা
তথাপিও মহতিয়াই যাওঁ
অগ্নিকনা হৈ
তথাকথিত প্রতিবাদী ৰাষ্টা
য’ত থাকে মাথো
পোৰা টায়াৰৰ গোন্ধ
নাথাকে সাহস, আজুঁৰি অনাৰ
গৰীবৰ বাবে
সঁচা স্বাধীনতা।
এমুঠি জোনাক সৰে
তুমি অহাৰ বাটে,
বিৰিনা বনৰ জুই নালাগে লগাব
কোমলীয়া মন মোৰ গলাবলে,
আহিবা নিশাটি বুকুতে বান্ধি
হৈ তৃষ্ণাতুৰ মৌপিয়া জনি,
পুৱতিক কন্দুৱাই নালাগে যাব
তল সৰা শেৱালি গচকি
বকুলৰ মালাৰে বান্ধো আহা
এই সময় সোনোৱালী.......