আশাবোৰ শেষ মানে কি সকলো শেষ?
নহয়।
আমাক জীৱনে কি দিয়া নাই
বৰষুণৰ শেষত ৰ’দ দিছে
সৰাপাতৰ শেষত কুহিঁপাত
অথবা
জয়াল নিশাবোৰ শেষ কৰি
জীৱনৰ আশাৰ ৰেঙণি।
হাহাকাৰ কৰা আমাৰ মনবোৰক
কিয় আমি বুজাব নোৱাৰু
ইউক্লিপটাছ বুৰঞ্জী।
আমি আকাশৰ সপোন দেখিম
কেৱল আকাশ
হাজাৰ ধুমুহাৰ লগত খেলিম
মোৰ যে সপোন কেৱল
আকাশ, কেৱল আকাশ।
বেদনাবোৰ কিমান গধুৰ?
মাতৃৰ প্রসব বেদনাতকৈও নে?
দুখ পালে কান্দা কান্দা আৰু কান্দা
কাৰণ
ইয়াৰ পিছতেই আমি হাঁহিব লাগিব
আকৌ নতুন সপোন
আকৌ নতুন আশা
জীৱনৰ সোনোৱালি বাট
আমি যে বুলিবই লাগিব।
No comments:
Post a Comment