প্রেম-
এনেকুৱাই-
কোনোবাই কাৰোবাক প্রতিশোধ ল’বৰ বাবে
কাৰোবাক হয়তো ভাল লাগি গ’ল এনেয়ে
বিছাৰি আহিব পাৰে আপোনাৰ কোলাত
অলপ নিৰাপত্তা অলপ সময়ৰ বাবে
প্রেম-
এনেকুৱাই-
আধুনিকতাৰ তাৰনাত আপোনাক কঙাল কৰিবলে
উদভ্রান্ত শৰীৰে বিছৰা নতুনত্বৰ বাবে
আঁকি থৈ যাব আপোনাৰ বুকুত
কিছু নুবুজা জ্যমিতিৰ আক বাক
প্রেম-
এনেকুৱাই-
কালি হয়তো কৈছিল “মৰি যাব পাৰো তোমাক নাপালে”
আজি উদবাউল হৈ কবহি “জানা তেওঁ আকৌ ঘুৰি আহিছে”
“পাৰিলে মাফ কৰি দিবা মোক”
“তোমাক বহুত কষ্ট দিলো”
প্রেম-
এনেকুৱাই-
ধূমূহাৰ দৰে আহে ধূমূহাৰ দৰে আতৰি যায়
সিচি থৈ যাব মাথো আপোনাৰ বুকুত
এমুথি শুকান পাত
প্রেম-
এনেকুৱাই-