চকুৰে নেদেখা ডাৱৰৰ সিপাৰে

চকুৰে নেদেখা ডাৱৰৰ সিপাৰে
হে আকাশ হে ডাৱৰ, এদিন লগ পাম তোমাক আৰু আকোৱালি লম চিৰদিনৰ কাৰণে।

Monday 21 January 2013

ঠিকনা:

যাযাবৰীৰ ঠিকনা পৃথিবী,
মোক বিচাৰি তুমি
সন্ধ্যাৰ আকাশ নাচাবা,
তৰাবোৰ লুকাই থাকে দিনৰ পোহৰত
মোৰ যদি ঠিকনা লাগে
বৈ যোৱা নদীক চুবা.....।।

ডাকোৱালজনে মোৰ ঠিকনা নপঢ়ে
গাঁঠি দিয়ে মাথো ডাৱৰৰ পাখিত,
নৈ-পৰীয়া মিচিং ডেকাটিৰ বাঁহিত
সেয়ে ঐনিতমৰ সুৰ চেনেহৰ কনেঙৰ চিনাকি.....।।

যাযাবৰীৰ ঠিকনা পৃথিবী,
মোক বিচাৰি তুমি
সন্ধ্যাৰ আকাশ নাচাবা,
মলয়াৰ সতে মোৰ প্রেম আজীৱন....।।

1 comment: