শব্দবোৰ এতিয়া বহু দূৰ
তাৰ ঠাইত বাহ লৈছে এটা নতুন সুৰে
এটা বুজাব নোৱাৰা সুৰ
যেন দূৰৰ পৰা ভাহি অহা
এটা নিঠৰুৱা ঐনিতমৰ সুৰ।
তাৰ ঠাইত বাহ লৈছে এটা নতুন সুৰে
এটা বুজাব নোৱাৰা সুৰ
যেন দূৰৰ পৰা ভাহি অহা
এটা নিঠৰুৱা ঐনিতমৰ সুৰ।
চাৰি মাহ পাঁচ দিন
মনত আছেনে তোমাৰ বাৰটো ?
মোৰ কিন্তু আছে,
সেইদিনা শুক্ল পক্ষ আছিল
আৰু সেইদিনা ওলায়ে ডুবিছিল জোনটো
আৰু সৰি পৰিছিল এটা বাট হেৰুৱা পক্ষী
কাৰণ
তোমাৰ ডেউকাৰে সি উৰিব খুজিছিল
চুমিব খুজিছিল তাৰ আচমান
মক্ ফুনৰ লিপিয়ে সি আঁকিছিল
তুমি নুবুজা এটা গান।
গছৰ পাতে কান্দিছিল সেই নিশা
শিপাৰ সন্ধানত নামিছিল এজাক চকুপানী
তৰাবোৰ দাহ গৈছিল যাতনাৰ মৰুভুমিত
ইমান পাচতো
পক্ষীটি বাৰে বাৰে উৰিব খুজিছিল
লক্ষ্য নাছিলা কিন্তু তুমি
লক্ষ্য আছিল তাৰ সূর্য্য
হয়
লক্ষ্য আছিল মাথো সুর্য্যৰ।